Dhou (Assamese Lyrics) lyrics

by

Abhi Saikia


আঙুলি ফাঁকেৰে
পৰিছে সৰকি
সপোনৰে বালি
এমুঠি চিনাকি

ঋতু বাগৰিলে
নতুনক আদৰি
সময়ো বাগৰে
আবেগক সামৰি

প্রজাপতি উৰা মাৰি হঠাতেনো হেৰাই
বৰণীয়া অনুভৱে আহি মোকেনো জোকায়
উলাহৰে নদীতে মই সাঁতুৰি-নাদুৰি
কাঁচিয়লি ৰ'দত তিতা হেঁপাহেনো সাৰ পায়

ঢৌৱে ঢৌৱে সান ধৰাৰে বুকুতে
আবেলিৰে ৰং হেঙুলী
ঢৌৱে ঢৌৱে বৈ যাবি নদীতে
হৈ যে গতিশীল

ধূলিয়ৰি এটি
বাটেৰে উভটি
জাকৰুৱা এজাক
অনুভৱ সাৱটি

আকাশৰ বুকুতে
নীলাবোৰ বুটলি
পক্ষীতি উৰিবি
চিঙি তই শিকলি
প্রজাপতি উৰা মাৰি হঠাতেনো হেৰাই
বৰণীয়া অনুভৱে আহি মোকেনো জোকায়
উলাহৰে নদীতে মই সাঁতুৰি-নাদুৰি
কাঁচিয়লি ৰ'দত তিতা হেঁপাহেনো সাৰ পায়

ঢৌৱে ঢৌৱে সান ধৰাৰে বুকুতে
আবেলিৰে ৰং হেঙুলী
ঢৌৱে ঢৌৱে বৈ যাবি নদীতে
হৈ যে গতিশীল
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z #
Copyright © 2012 - 2021 BeeLyrics.Net